আল-মুখতাচাৰ
رَبَّنَآ إِنَّكَ تَعْلَمُ مَا نُخْفِى وَمَا نُعْلِنُ ۗ وَمَا يَخْفَىٰ عَلَى ٱللَّهِ مِن شَىْءٍ فِى ٱلْأَرْضِ وَلَا فِى ٱلسَّمَآءِ ﴿٣٨﴾
হে আমাৰ প্ৰতিপালক! তুমি প্ৰত্যেক সেই বিষয়ে অৱগত যিবোৰ আমি গোপন কৰো আৰু যিবোৰ প্ৰকাশ কৰো। পৃথিৱী আৰু আকাশৰ কোনো বস্তুৱেই আল্লাহৰ পৰা গোপন নহয়, বৰং তেওঁ সকলো জানে। এতেকে আমি তেওঁৰ কিমান মুখাপেক্ষী, আমাৰ অভাৱ অনাটন আৰু চাহিদা তেওঁৰ পৰা গোপন নহয়।